ফাগুন কিয় কৰিলি পগলা তোৰ ৰঙা বুলীয়া আবিৰে ৷
পলাশৰ তেজৰঙা বুলেৰে সজালি কলিজাত প্ৰেমৰ সুৰভিৰে ৷৷
তোক নিজতকৈ ভালপোৱা বাবেই বাৰে বাৰে পৰো তোৰ প্ৰেমত ৷
হাজাৰ দুখকো নেওচি হাঁহিব বিচাৰো প্ৰাণখুলি তোৰেই নামত ৷৷
তই আহিলেই ফুলি উঠে পলাশ,শিমলু মোৰ পদূলিতে৷
জিলিকি উঠে আকাশৰ তৰাজাক চতিয়না ফুলৰ শুভ্ৰতাৰে গধূলিতে ৷৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *