মোৰ কথাবোৰে যেতিয়া তোমাক আমনি কৰিব
তেতিয়া মোলৈ তোমাৰ ঘনাই মনত পৰিব
মই নোহোৱা বেদনাত তোমাৰ দুগালে চকুলো সৰিব৷৷

তোমাক ভাল পোৱাৰ বাবেই ৰুইছিলোঁ ৰজনীগন্ধা জোপা
ফুলি উঠিছিল চোতালৰ আগত হাচনাহানা থোপা
হৃদয়ৰ চৌপাশে জকমকীয়া হৈছিল তোমাৰ মৰমত খৰিকাজাঁই সোপা৷৷

প্ৰতিদিনে কৰিছিলোঁ তুমি বেয়া সত্বেও তোমাৰ ওপৰত অভিমান
সৰু সৰু কথাবোৰত লাগি তোমাৰ হেঁপাহবোৰ কৰিছিলোঁ অনুমান
তোমাৰ প্ৰতিটো কথা আৰু গালিবোৰ মোৰ বাবে আছিল স্বাভিমান৷৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *