অমৰ প্ৰেমৰ সন্ধান বিছাৰি

অনাসুয়া অন্তৰ সপি
প্ৰকৃতিৰ আত্মাক
আৰক্তিম অমৰ প্ৰেমেৰে ভালপোৱা
আত্মাত আত্মা থৈ
পৰমাত্মিক প্ৰেমত ডুব যোৱা

তেতিয়াই
অন্তৰেৰে অনুভৱ কৰিবা
প্ৰকৃত বসন্তমণ্ডিত প্ৰোজ্বল প্ৰেমৰ
প্ৰাঞ্জল সমূজ্জ্বল চঞ্চল
জলোচ্ছাসী জীৱন্মূক্ত জাতিস্কাৰ জ্যোতি
কিমান অময়া
কিমান অমিয়া

প্ৰেম য’ত
চিৰন্তন সত্য সুন্দৰ সাতত্যক সাত্ত্বিক
সুবিশাল সুৰম্য সুৰঞ্জিতা
অবিকল্প অনৱচ্ছিন্ন ভক্তিৰসেৰে ভৰা
গম্ভীৰ ঔদাৰ্য্যপূৰ্ণ ঔপম্যসীন্য
প্ৰজ্ঞাৱন্ত প্ৰণৱপ্ৰণীত চিৰসেউজীয়া

এই প্ৰেম
অনিৰ্বাপিত অনবচ্ছিন্ন বৈৰাগ্য প্ৰেম
অনন্ত অনঙ্গ অনিবৰ্চনীয়
অনাবিল প্ৰেমৰ পৰাকাষ্ঠা
আত্মা পৰমাত্মাৰ সূৰ্যদীপ্ত মহিমামণ্ডিত
মহা মিলনৰ সুনিপুন সুনিশ্চিত
একনিষ্ঠ স্বৰ্ণমণ্ডিত কৃচ্ছ্ৰতম সাধনা

সুৰম্য সুষমাৰে সুলভ য’ত
সুসংস্কৃত সুসজ্জিত মুৰ্চ্ছনামণ্ডিত
সুস্মিত সুস্বপ্নৰ সুহৃদসুচক সুচনা

সূচিভেদ্য সৌৱৰ্ণ সৌম্য সৌন্দৰ্যৰ
সৌকুমাৰ্য্য সৌভিক সৌৰভ য’ত
স্থৈৰ্যস্ফূৰ্ত্ত স্নিগ্ধ স্নৈগ্ধ্য ফট্ ফটীয়া

এই প্ৰেম
অত্যাশ্চৰ্য্য অত্যুজ্বল অনিন্দ্যসুন্দৰ
ইন্দ্ৰীয়াতীত ৰহস্যোচ্ছাসী প্ৰেম
অনন্ত অনন্য অমৰ অমিয়া শান্তিৰ বাদে
নেথাকে ইয়াত কামনা বাসনা বিষাদ যন্ত্ৰনা

সুৱলিত ৰমণীয় এই প্ৰেমেই মানুহক
সাৰল্যতাৰে প্ৰদান কৰে দেৱত্বোত্তম দেৱত্ব
মহত্ত্বমণ্ডিত শৈল্পিক নৈপুন্যতাৰে
মানৱ আত্মা কৰে জন্ম জন্মান্তৰে পৱিত্ৰ

চিৰ ভাস্বত পথেৰে জাগ্ৰত হৈ ৰয় য’ত
প্ৰজ্ঞান প্ৰবুদ্ধ নিৰ্লিপ্ত নিৰ্বিকাৰ জিজ্ঞাসা অনন্ত

নিৰ্নিমেষ নিৰ্মোহ নিৰ্লিপ্তাৰে
প্ৰকৃতিৰ আত্মাত নিজকে বিলীন কৰি
নিজ আত্মাক পৰমাত্মাত মিলাই দিয়া
বুজিবা প্ৰকৃত পৱিত্ৰ প্ৰেমৰ শক্তি
কিমান অত্যুৎজ্বল অনিৰুদ্ধ অনিবৰ্চনীয়া
কিমান অত্যুৎকৃষ্ট নিৰলস নিৰ্মল
অনন্য অনস্বীকাৰ্য মহামহিমামণ্ডিত
অত্যন্ত অত্যুৎকৃষ্ট সুশীল সৃষ্টি মতলীয়া

ইয়াতেই পাবা তুমি
অনন্ত সূৰ্যদীপ্ত অমৰ প্ৰেমৰ সন্ধান বিছাৰি
নিঃসন্দেহে নিঃশেষ হ’ব ভ্ৰমজ্ঞানান্ধতা
শৈল্পিক বাস্তৱৰ সন্মাৰ্গদীপ্ত বসন্ত পথত
আত্মাইও পাব বিছাৰি
আত্মাই বিছৰা আত্মাৰ সথিক ঠিকনা
অন্তৰৰ প্ৰেমেও চুব প্ৰেমৰ পৰাকাষ্ঠা

অন্তৰ সপি যদি প্ৰকৃতিৰ প্ৰদীপ্ত আত্মাৰ
সেউজ সুন্দৰ সুৰম্য সুশীল প্ৰেমত ডুব যোৱা

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *