হাঁহিবিন সুন্দৰ জীৱন
অসম্ভৱ-অকল্পনীয়,
হাঁহিমুখী ব্যক্তিত্ব
সকলোৰে প্রিয়।

এটি মিঠা হাঁহিত
সকলো মন্ত্ৰমোহিত,
প্ৰেমৰ ভাৱ উপচে
দীৰ্ঘ যৌৱন বৃদ্ধৰহিত।

হাঁহিৰ যাদুৱে
জীৱনৰ সৌন্দৰ্য বঢ়ায়,
হাঁহিৰেই জাগে আত্ম-বিশ্বাস
মনুষ্যৰ জীৱন পোহৰায়।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *