All Posts

কিছুদুৰ আগুৱাই আহি কেকুৰীটো ঘূৰিয়েই অভিনন্দনৰ পথৰ দাঁতিত এটা মাটিৰে নিৰ্মিত প্ৰকাণ্ড ধুনিৰ ওপৰত চকু পৰিল ৷ বতাহত ধুনিটোৰ পৰা উৰি থকা সুগন্ধিত ধোৱাই গোটেই ঠাইখন তাৰ পবিত্ৰ যজ্ঞস্থলীৰ দৰে লাগিল ৷ ধুনিৰ কাষত পাহাৰৰ গাত থকা শিলৰ ফাক বোৰত ৰঙ বিৰঙৰ অসংখ্য সৰু সৰু বৌদ্ধ স্তুপাৰ আকৃতিৰ মূৰ্তি চকুত পৰাত অভিনন্দনে তাৰ কৌতুহলী মনটোক ধৰি ৰাখিব নোৱাৰি শিলৰ ফাকটোলৈ আগুৱাই গ’ল ৷

Read More

মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল চুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি পৰম্পৰাগত দৰে আছিল৷ তেনে এদিনাখন

Read More