এইবাৰ ৭২ তম গণৰাজ্য দিৱসৰ সভালৈ অহা বিশিষ্ট ব্যক্তি এজনে ভাষণ দিলে – “আজিৰ পৰা ৭১ বছৰ আগত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল। ড. ভীমৰাও ৰামজী আম্বেদকাৰ দেৱে ভাৰতীয় সংবিধানৰ প্ৰধান প্ৰণেতাৰ এজন শ্ৰষ্টা আছিল। এই সংবিধানৰ দ্বাৰা দেশত শান্তি শৃংখলা আৰু ন্যায় ব্যৱস্থা বাহাল ৰখা হয় লগতে আমাক ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক হ’বলৈও শিকায়।

সভালৈ অহা ষাঠিৰ বৃদ্ধ গৰাকীয়ে ভাবিলে যদি সংবিধান খনত হিন্দু-মুছলিম, শিখ-ইছাই, ধনী-দুখীয়া সকলোৰে বাবে ন্যায় একেই তেন্তে মই আজি ২৫ বছৰেও কিয় ন্যায় নাপালোঁ ! মোৰ খালী জেপৰ শব্দই কোলাহল নকৰে বাবে নে আন কিবা কাৰণ?

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *