নিশাৰ চকুত
অস্পষ্ট এটি সপোন
লিৰিকি বিদাৰি থাকোঁতেই
ৰজনী পুৱাল।
দিনৰ পোহৰত বিলীন হ’ল
সজাৰ মইনা উৰি গ’ল
সপোনৰ পজাটি
খালী হৈ ৰ’ল।
বুকুত চিটিকিল দেউলীয়া প্ৰণয়
আঁকিব নোৱাৰি
হেঙুল হাইতালেৰে বোলাই
মন-মন্দিৰৰ ছবি
ভুঁইলতাৰ আগ্ৰাসনত জীৱন বন্দী।
প্ৰতিপদৰ জোনটোৰ ক্ষীণ পোহৰত
সপোনৰ এঙামুৰি
এজাৰ বুলীয়া বিষাদৰ বতাহ এচাটি
ছাঁ হৈ লগৰী।
হেঁপাহৰ ৰামধেনু অস্তাচলত লুকাল
বিষন্নতাৰ বতাহচাটি গোজ পুতি বহিল।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *