হৃদয়ত দেশমাতৃৰ সুৰক্ষাৰ পণ গাঁঠি
খোজ পেলাইছিলো বায়ু সেনানীত
ক্ষণে প্ৰতি মনৰ দৃঢ়তা বৃদ্ধি হল
জীৱনটোৰ মায়ামোহ কৰবাত পৰি ৰলঁ
আইৰ চকুলোৱে মোৰ নিদ্ৰা হৰিলে,
আগুৱাই যাবলৈ দেশপ্ৰেমে শিকালে
মাতৃভূমিৰ প্ৰতিৰক্ষাৰ বাবে
যেতিয়া আকাশমাৰ্গেৰে যাত্ৰা কৰোঁ
কেৱল আইৰ শত্ৰুক ধ্বংসৰে সপোন দেখোঁ
স্থলসেনা, নৌসেনাৰ মনোবলক
শত্ৰুৱে স্থিতি কঁপালে!
বায়ুসেনাৰ জোৱানহৈ অদম্য সাহসেৰে আগুৱাই যাওঁ
মোৰ মাতৃভূমিৰ সহোদৰ জোৱান
ভাইহঁতৰ জীৱন বচাবলৈ!
শৰীৰ ৰূপি আকাশীযানত
মই আত্মা হৈ বিধ্বস্ত কৰি যাওঁ
আইক চকুলো নিগৰুৱা শক্তিবোৰক
পদে পদে দেখুৱাও দেশপ্ৰেমৰ
অক্লান্ত সাধনা
মই এজন আইৰ সুৰক্ষাৰ
সুযোগ্য সন্তান বায়ুসেনা;

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *