নৱ বৈষ্ণৱ ধৰ্মৰ
ধৰ্মীয় অনুষ্ঠান ,
নামঘৰ গুৰু শংকৰৰ
ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থান।

মণিকূটৰ মধ্যভাগত
গুৰুৰ আসন,
প্ৰচুৰ ভক্তি ভাৱেৰে
নামঘৰ প্লাৱন।

নামঘৰত নাম গীত
সামাজিক একতাৰ জৰী,
ভগৱন্তৰ গুণানুকীৰ্তন
নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰী।

সকলো ভক্তৰ হৃদয়ত
ৰিপুৰ অৱদমন,
গুৰুকে আদিকৰি
সকলোকে নমন।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *