কুশল দা আমাতকৈ তিনিবছৰ মান ডাঙৰ । তে আছিল একেধাৰে কবি, সাহিত্যক, বিহুৱা, বাঁহী বাদক, পেঁপা বাদক আৰু বহুতো। সততে মানুহক আপোন কৰিব পৰা দাদাৰ সৰু লৰা – ছোৱালী এজনীৰে সুখৰ সংসাৰ। ৰূপ বৌ এজনী ঘৰ ধৰা ভাল গৃহিনী। সকলোৰে লগত আন্তৰিকতাৰে কথা পতা, তেওঁৰ সুৱদী কণ্ঠৰ কণ্ঠস্বৰে সকলোকে মোহিত কৰিছিল। এদিন হঠাতে মহামাৰিত আক্রান্ত হৈ জীয়াই থকাৰ প্ৰবল বাসনাক বুকুত সাৱটি লৈ নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি সকলোকে এৰি থৈ গুচি গ’ল অনন্ত ধামলৈ। লৰা, ছোৱালী দুটা আৰু বৌলৈ বৰ বেয়া লাগে। বহু দিন হল সিহঁতৰ ওচৰলৈ নোযোৱা। যাবলৈ বুকুত সাহস গোটাব পৰা নাই। আজি দাদালৈ বৰকৈ মনত পৰিছে। বহাগ আহিলেই, এইবাৰ বিহু দাদা অবিহনে উদযাপন কৰিবলৈ বৰ অসুবিধা হব। যদি মানুহৰ আত্মাৰ অস্তিত্ব আছে কুশল দাৰ আত্মাই চিৰশান্তি লাভ কৰক ,এই মোৰ অন্তৰৰ আকুল কামনা। কুশল দাৰ আদৰ্শ সমাজৰ বাবে আৰু ঘৰখনৰ ভৱিষ্যত জীৱন পথৰ পাথেয় হওক।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *