জীৱনৰ প্ৰতি পল
জীৱনৰ প্ৰতি ক্ষণ,
অটুট আত্মবিশ্বাস
আভ্যন্তৰীণ শক্তিৰ ইন্ধন।

বিফলতাৰ বান্ধোন স্বীকাৰ
ঋণাত্মক চিন্তাৰ হাহাকাৰ,
আত্ম বিশ্বাসৰ বল
অদ্ভুত-অদম্য-নিৰাকাৰ।

সৰ্ব জগত থিয়
তোমাৰ বিৰুদ্ধে যিহেতু,
একমাত্ৰ সাৰথি তোমাৰ
আত্ম বিশ্বাসৰ সেতু।

আত্ম বিশ্বাসীৰ কার্যফল
অসাধ্যও হয় সাধ্য,
কৃতকাৰ্য স্বয়ংকৃতভাবে
পদ চুম্বীবলৈ বাধ্য।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *