অসম মোৰ বুকুৰ আপোন,
মোৰ জীৱনৰ শিৰোনামাত;
মাথোঁ তোমাৰেই সপোন।


অসম মোৰ সোণৰ অসম
যদিও অনেক জাতি-বৰ্ণ-ধর্ম
ভ্ৰাতৃত্ব কতো নাই আমাৰ সম
তোমাৰ বুকুত লভিছোঁ জন্ম,
সৰ্বদা তোমাৰ হিতে মোৰ কৰ্ম।


অসম মোৰ বুকুৰ আপোন,
দৰ্শালা সত্যৰ দাপোন
বিহু আমাৰ মন-প্ৰাণ
বিশ্ব-দৰবাৰত পাইছোঁ মান
তোমাৰ বিকাশৰ জয়ধ্বনি
মোৰ হৃদয়ত উঠিছে প্ৰতিধ্বনি।


অসম মোৰ বুকুৰ আপোন,
মোৰ জীৱনৰ শিৰোনামাত ;
মাথোঁ তোমাৰেই সপোন।
মাথোঁ তোমাৰেই সপোন।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *