ঘুৰি নাচাওঁ‌ অতীতক,
উভতি নযাওঁ‌ লৰালি কাললৈ,
স্মৃতিয়ে আমনি কৰিব।

আন্ধাৰ এৰি থৈ আহিছোঁ‌,
পোহৰত বগুৱা বাই আহিছোঁ‌,
বহু দূৰ বাট আগুৱাই আহিলোঁ‌ ।

ওখোৰা মোখোৰা বাট,
গচকি এৰি আহিছোঁ‌ মই,
আন্ধাৰে আমনি নকৰাকৈ।

জেকা মাটিত কঠিয়া নগজে,
ৰ’দে সেউজীয়া কৰে পথাৰ ,
জোনবায়ে নিশা পোহৰ বিলায়।

অশ্ৰুসিক্ত নয়ণ বিদায় ক্ষণত
পোহৰত পাহৰিছোঁ‌ দুখ,
আন্ধাৰ বহু দুৰৈত এৰি আহিলোঁ‌।

সপোন উপজিছে মনত,
বেদনাৰ সময় উকলি গ’ল ,
বন্ধ হ’ল ঘুৰি অহাৰ পথ ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *