তুমি আন্ধাৰৰ মাজত পোহৰ
বিলাই নীৰৱে জ্বলি
থকা এগছি
চাকি ।


নে, তুমি কোনো অচিন দেশৰ
পক্ষী যাৰ গানত মুগ্ধ
মোৰ মন ।


নে , তুমি অজানিতে মোৰ মুখত
বিৰিঙি যোৱা
এটি মিঠা হাঁহি ।


নে, তুমি মোৰ হৃদয়ৰ কল্পনাত
স্তব্ধ হৈ থকা মাথোঁ
এটি অৰ্থহীন
অনুভৱ ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *