মৰমৰ
কেনে আছা তুমি, নিশ্চয় ভালেই। শুনা আজি বহু দিনৰ পাছত তোমালৈ বৰকৈ মনত পৰিছে, আমাৰ সপোনটোৱে ক্ৰমশঃ পাহি মেলিছে, মোৰ গাটো আগতকৈ গধুৰ হৈছে, কপাহী চাদৰখনে গা ঢাকিব নোৱৰা হৈছো, কথাবোৰ কাকো কবও নোৱাৰোঁ, মাজ নিশা যেতিয়া সাৰপাও তেতিয়া তোমালৈ মনত পৰে, নিয়ৰ সনা এই শীতৰ নিশা তুমি সাৰে আছা জাগ্ৰত প্ৰহৰী হৈ আৰু মই নিহালীৰ উমত, প্ৰতি নিয়ত তোমাৰ অভাৱ অনুভৱ হয় হৃদয়ত, তোমাৰো এনেকুৱা হয় নেকি! আৰু কি জানা মা দেউতাই সদায় কাজিয়া কৰে, মাক লাগে ল’ৰা আৰু দেউতাক ছোৱালী। মোৰ বৰ হাঁহি উঠে, মায়েতো নাজানে তোমাকো এজনী পৰী লাগে, ভোগালীত এইবাৰ মই তুমি ভালপোৱা তিলপিঠা – ঘিলাপিঠা সাজিব নোৱাৰিম, তুমি আকৌ অভিমান নকৰিবা, এইবাৰ ভোগালীতেই পৰী আহিব। তোমাৰ সপোনৰ পৰী, ৰাতিপুৱাবৰেই হল আৰু নিলিখো দিয়া ।ভালকৈ থাকিবা।

ইতি 

তোমাৰ
মৰমৰ জোন

( বিঃদ্ৰঃ ফটো ফেচবুকৰ পৰা সংগৃহীত )

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *