মাক-দেউতাকৰ মৃত্যুৰ পিচত মণিমালা নিঠৰুৱা হৈ পৰিল| বায়েকৰ ঘৰত থাকিয়েই তাই কোম্পানী এটাত চাকৰী কৰি আছে|
Category: গল্প

আগফালে চিট খালি নাই তাতে বহ, সেই কাৰনে অকণমান সোনকালে আহিব লাগে৷ থিয় হৈ থকাবোৰ বহি দিয়া আমি একো দেখা পোৱা নাই৷ কেচুঁৱাৰ কান্দোনত থাকিব নোৱাৰি থিয় হৈ কেচুঁৱা ওমলাই থকা তাইক কোনোবাই পিছফালৰ পৰা চিঞৰিছে৷

ভীৰ নিশাৰ নিস্তব্ধতাক নিউ নিউ কৈ চিঞৰা ফেঁচাৰ শব্দবোৰে অধিক ভয়াৱহ কৰি পেলাইছে। নীলাভ অহালৈ অতি অপেক্ষাৰে ৰৈ থকা নীলাঞ্জনাই ওপৰমুৱাকৈ বিচনাখনত পৰি , বাৰে বাৰে ভগৱানৰ নাম লৈছে। শুই থকাৰে পৰা অকণমানো লৰচৰ নকৰাকৈ চকু দুটাৰে ইফালে সিফালে চাইছে। হঠাৎ বাহিৰৰ পৰা অহা মেকুৰীৰ মাতত নীলাঞ্জনাই উচপ্ খাই উঠিল।

ফেচবুকত চিনাকি৷ দিনটোত এবাৰ হলেও বেলকনিৰ বাৰান্দাত নবহিলে ভাল নালাগে৷ বেলকনিৰ বাৰান্দাত বহি মবাইলটো অন কৰি ব্যস্ত হওঁ অনলাইনত৷ ৰাস্তাৰ সিটো পাৰে তাইৰ ঘৰ৷ তাইয়ো খিৰিকীৰ কাষত বহি মবাইলত ব্যস্ত হৈ থকা দেখোঁ৷ সুন্দৰ মৰম লগা মুখখনি৷ দীঘল চুলিখিনিৰে তাইক আৰু বেছিকৈ মৰমিয়াল দেখায়৷

পাহী বৰ ৰাংঢালী ছোৱালী। সকলো সময়তে মুখত হাঁহি, মাক-দেউতাকৰ আলাসৰ লাৰু। দেউতাক এখন চাহ বাগিচাৰ মেনেজাৰ সেয়ে তাইৰ শৈশৱ আৰু যৌৱন কাল বাগানতে পাৰ হ’ল। চাহ বাগিছা খনত যেন তাইৰ প্ৰাণটো সোমাই আছে। গধুলি ৰিনিকি ৰিনিকি বাজি অহা মাদলৰ সুৰ, ঝুমুৰ গীতৰ লগেলগে ভাহি আহা সুমধুৰ বাঁহীৰ সুৰ, আ্হ তাইৰ মন প্ৰাণ চঞ্চলা কৰি তোলে। তাই আপোনপাহৰা হৈ যায়। সচাঁয়ে কথাটো নোহোৱা নহয় চাহ বাগিছাৰ সেউজীয়াই সকলোৰে মন আকৰ্ষণ কৰে কিছু মূহুৰ্তৰ বাবে হ’লেও মানুহে নিজৰ অতীতৰ সুমধুৰ স্মৃতিলৈ ঘূৰি যায়।

ৰাতিপুৱাৰ পৰা ঘৰত অশান্তি, হুলস্থুল… চকুহাল মোহাৰি মোহাৰি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গলো ঘটনাৰ বুজ লবলৈ,… তই আমাৰ নাক কান চব শেষ কৰি দিলি, ঘৰৰ পৰা কতো ওলাই যাব নোৱাৰা হলো! সকলোৱে মোক হাঁহে, লেদিছটোৰ ককায়েক বুলি, তোৰ লাজ নালাগিব পাৰে আমি