তুমি নাৰী স্ৰোতস্বিনী

তুমি মহিমাময়ী —-
হৰিণ নয়নী–নয়নৰ মণি—
লুইতৰ পাৰৰ লিহিকা খাগৰি,
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব–
জীৱন লগৰী— জীৱন যুদ্ধৰ প্ৰথম প্ৰহৰী ।

তুমি চন্দ্ৰ মূখী ,
তুমি উজ্জ্বল নক্ষত্ৰ ,
তুমি চিকমিক বিজুলী,
তুমি নিঃশব্দ নিশাৰ নীৰৱ নায়িকা,
এক শব্দহীন আশাৰ মধুৰতা ।

তোমাৰ দুই নয়ণ
স্বেত পদ্মৰ কলি যেন লাগে–
তোমাৰ চাওনিত সৰলতা ওপজে,
কেশত সুবাস বিয়পে ,
তুমি নাৰী চিৰ প্ৰকৃতি বহ্নিমান ফিৰিঙটি
তুমি সহনশীল
প্ৰাণময়ী চঞ্চলা অনাবিল আনন্দ ।

ওঁ‌ঠত মিচিকীয়া হাঁ‌হি,
মৌ মাখি যেন গুণ গুণ শব্দৰে মুখৰিত —
কুলু কুলু শব্দৰে বৈ যোৱা সুঁ‌তি
তুমি কুকিল কণ্ঠী গীতিকাৰ ক’লাকাৰ ,
স্বতন্ত্ৰ তোমাৰ অঙ্গীকাৰ—
তুমি শিল্পীপ্ৰাণ——
তুমি নাৰী চিৰ প্ৰবাহিত সত্য ধাৰাৰ।

ৰঙা গোলাপৰ পাহি যেন
কমনীয়তা—
তেজোদীপ্ত মনৰ গৰাকী —-
তুমি নাৰী স্ৰোতস্বিনী তেজস্বিনী
চিন্তা চেতনাৰ—- পুলক জগাই তোলা
হাস্যময়ী লাস্যময়ী।

ইমান আলসুৱা—ঠুনুকা মন,
পলসুৱা এডৰা পথাৰ
চিৰ সেউজীয়া —চিৰ সত্য স্বৰূপ–
বাসনাৰ মূৰ্ত্ত প্ৰতীক,
চেতনাৰ প্ৰকাশ ,
তুমি নাৰী মন্দাকিনী।

আজন্ম প্ৰেমিকা—
দূৰন্ত মনৰ উদ্দীপনা–
ক্ষুন্ন মনৰ তীব্ৰ গতিৰ জলতৰঙ্গ–
তিক্ষ্ণ বুদ্ধিমতী—
প্ৰজন্ম সৃষ্টিত তুমি নৱ অধিকাৰি
তুমি জননী এই ধৰণীৰ ।

অশ্ৰুধাৰা নিগৰি বৈ যায়–
ইমান কোমল হৃদয় ,
উচুপি উঠা শোকাকুল প্ৰাণ ,
তুমি নৱমল্লিকা
তুমি ক্ৰোধৰ উৰ্ম্মিমালা ,
তুমি লেহুকা নাৰী তিলোত্তমা ।

সৰ্পৰ দৰে ফেট তুলি—–
বিস্ময় সৃষ্টি কৰা ,
নিলাজী বনৰ দৰে জয় পৰি যোৱা–
নিমাতি কন্যা তুমি ,
তুমি জ্ঞানমালিনী জাগতিক জীৱনৰ ।

প্ৰচণ্ড ক্ষোভৰ গৰাকী ,
ডাৱৰ সদৃশ অভিমানী —
আকাশ যেন বিশালতা তোমাৰ–
সুকোমল অনুভৱ—
মহিমাময়ী তুমি ত্যাগৰ প্ৰতীক।

তুমি বীৰাঙ্গনা ,
তুমি অনামিকা
তুমি খৰস্ৰোতা নদীৰ দৰে
বিস্ময় প্ৰকৃতি তোমাৰ —-
পখিলাৰ দৰে ৰঙীন—
শুভ্ৰ মনৰ গৰাকী– তুমি যৌৱনা নাৰী ।

ঈশ্বৰে সপি দিছে অযুত মৰম ,
হিয়াই উজাৰে আবেগ —
স্নেহ বিলাসিতাৰ—
প্ৰেমময়ী জীৱন তোমাৰ—
ভাৱনাৰ সপোন কুঁ‌ৱৰী তুমি—
প্ৰেৰণাৰ উৎস জগত জননী।

কবিতাৰ ছন্দত প্ৰকাশিত ,
শিলত খোদিত তুমি ভাস্কৰ্য,
সুহৃদ বন্ধু ইতিহাসৰ পাতত—-
তুমি মায়াৱিনী গভীৰ নিশাৰ ।

গজ গামিনী তুমি—-
প্ৰতি খোজত গভীৰতা আছে,
আশাৰ প্ৰদীপ জ্বলে —
প্ৰাণোচ্ছল মনৰ গৰাকী–
তুমি সৰল প্ৰাণৰ স্বত্বাধিকাৰী।

তুমি নাৰী চিৰ নমস্য,
তুমি ইতিহাস ৰছোতা—-
নতুন ভাৱনাৰে ৰহস্যময়ী–
তুমি হাস্যময়ী——
তুমি নাৰী —— কৰুণাময়ী
তোমাৰ আলিঙ্গনত সঞ্জীৱিত প্ৰাণ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *