• জানমনি ঐ!
    জাননে তই বহাগ আহিলে নহয়,
    সাঁ‌চি থবি বৈ থোৱা বিহুৱান খনি,
    মই যাম তোৰ কাষলৈ—–
    বিহুৱান ডিঙিত পিন্ধাবি মোক,
    এইবাৰো বহাগৰ বিহু সাৱধানে পাতিম দেই।
  • হিয়াত এবোজা মৰম লৈ
    আশা ভৰা মন লৈ ৰৈ থাকিবি দেই,
    তোৰ কাষলৈ বিহুৰ দিনা আহিম মই,
    অনুভৱৰ বতাহ এজাক লগত লৈ ,
    দহোকৰি বন কাতি কৰি থৈ ।
  • সময় যে বৰ জটিল ,
    তই জানো বুজি পোৱা নাই ,
    বসন্ত আহিছে কুঁ‌হিপাত মেলিছে
    তই জানো দেখা নাই
    তই জানো শুনা নাই
    ক’ভিডৰ বীজাণু আহিছে হুৰমূৰকৈ ,
    এইবাৰ বিহু হব নে নাই কব পৰা নাই !
  • জানমনি ঐ !
    উচুপি উচুপি নিচুকাই ৰাখিবি
    তোৰ কোমল হৃদয় ,
    কান্দোনত ভাগি নপৰিবি দেই—-
    লোটক নিগৰাই—-
    মজিয়া উটুৱাই নিদিবি তই ,
    সাঁ‌চি ৰখা বিহুৱান পিন্ধিম গৈ মই।
  • এইবাৰ বহাগ আহিছে ,
    কুলি কেতেকীয়ে
    গছৰ ডালত পৰি গীত জুৰিছে ,
    মিঠা মিঠা মাতেৰে বসন্তক আদৰি আনিছে,
    তই একাজলি মৰমেৰে
    দৈৰ টেকেলি আছুতীয়াকৈ ৰাখিবি দেই ।
  • সাঁ‌চি থোৱা বিহুৱান খনি —-
    তোৰ হাতেৰে পিন্ধাবি মোক —
    ঢুলীয়াক কৈ থবি —
    এইবাৰ বসন্তত মিলিজুলি বিহু পাতিম ,
    এপাক নাচিম গৈ তোৰ লগত।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *