ফেচবুকত চিনাকি৷ দিনটোত এবাৰ হলেও বেলকনিৰ বাৰান্দাত নবহিলে ভাল নালাগে৷ বেলকনিৰ বাৰান্দাত বহি মবাইলটো অন কৰি ব্যস্ত হওঁ অনলাইনত৷ ৰাস্তাৰ সিটো পাৰে তাইৰ ঘৰ৷ তাইয়ো খিৰিকীৰ কাষত বহি মবাইলত ব্যস্ত হৈ থকা দেখোঁ৷ সুন্দৰ মৰম লগা মুখখনি৷ দীঘল চুলিখিনিৰে তাইক আৰু বেছিকৈ মৰমিয়াল দেখায়৷ তাইৰ লিখনিবোৰৰ যোগেদিয়েই আচলতে আমাৰ চিনাকি৷ লাইক কমেণ্টৰ মাজেদি চিনাকি চিনাকি মনোভাৱৰ মানসিকতা এটি গঢ় লৈ উঠিছে৷ বেলেগ কথা কেতিয়াও কোনোদিনেই নোহোৱাকৈ দুয়োৰে মাজত বিশেষধৰণৰ আকৰ্ষণ এটি গঢ় লৈ উঠিছে৷ তাইৰ প্ৰফাইল দিনটোত এবাৰ হলেও খুলি চোৱা অভ্যাসত পৰিণত হৈছে৷ তাইয়ো তাকে কৰে প্ৰফাইল ভিওৱাৰৰ পৰা গম পায় থাকো৷ এইয়া হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷ এতিয়া লাহে লাহে চকুৰ আকৰ্ষণ আহি পৰা যেন অনুভৱ হৈছে৷ দিনটোত এবাৰ হলেও সেইকাৰণেইতো বেলকনিৰ বাৰাণ্ডাত বহিব মন যাই৷ এইয়াও হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷ সময়ৰ গতিত হাত মুৰ আদিৰ ক্ৰিয়া আৰম্ভ হব ধৰিছে৷ মুখেৰে কথা কব নোৱাৰা বোৰৰ দৰে আকাৰ ইংগিতেৰে কথা কোৱাৰ দৰে হব ধৰিছে৷ আকৰ্ষণ বৃদ্ধি পোৱা বাবে এনেকুৱা হব পাৰে ৷ এইয়াও হয়তো প্ৰেম ভালপোৱাৰ সংজ্ঞাত পৰিব চাগে৷
লাহে লাহে ফেচবুকৰ পৰা ওলাই বাহিৰা জগতৰ পৰা খবৰ কৰি গম পালো তায়ো যে মোৰ দৰেই মুক্‌বধিৰ বিকলাঙ্গ ৷ তেতিয়ালৈ হয়তো প্ৰেমৰ সংজ্ঞাই সম্পূৰ্ণৰূপে চুই গৈছিল৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *