জীৱন মানেইটো সংগ্ৰাম
এইয়াই জীৱনৰ মাধুৰ্যতা।
দুখৰ চকুপানীৰ মাজতে
বিলিন হৈ থাকে
সুখৰ হাঁহিৰ মাদকতা।
কালৰাত্ৰিৰ বুকুতে
লুকাই থাকে প্ৰভাত
প্ৰভাতে আনে
নতুন দিনৰ বতৰা।
হেজাৰ দুখতো
ভাগি নপৰা জীৱন
মধুময় হয় সুখৰ বোকোচাত।
পৃথিৱীয়ে আজি কান্দিছে
চকুপানীৰ ঢলে
বোৱাইছে বেদনাৰ নৈ।
তথাপি পৃথিৱী শুৱ
শান্তিৰ শীতল কোলাত
নতুন প্ৰভাতৰ
আগজাননীৰে
টোপনি যাব
আশাৰ শেতেলিত।।