তোমাক মনত ৰখাৰ প্ৰতিশ্ৰুতি

মোৰ শিতানত নিলাজী বনৰ স্থিতি
প্ৰতিনিশাত চুই চোৱাৰ হেঁপাহ
হৃদয়ৰ স্পন্দনত,
বাখৰুৱা সপোনৰ জোনাক এমুঠি।

মনটো বান্ধি ৰখা কাৰাগাৰত
শেনৰ লুলোপ দৃষ্টি।
কাৰাগাৰত তোমাৰ প্ৰচ্ছায়া…
পাহৰি নোযোৱাৰ প্ৰতিশ্ৰুতি।

তুমিতো আন্ধাৰতো
সহযাত্ৰী হোৱাৰ প্ৰতিবিম্ব,
এলান্ধুৰ মলিনতাত
প্ৰয়োজন নোহোৱা প্ৰতিশ্ৰুতিৰে আবদ্ধ।

দৃষ্টিৰ কটাক্ষতাত
অলৰ হৃদয়ৰ মুক্ত বেহা,
সংশয়হীন সমন্ধৰ পাকচক্ৰত
পপীয়া তৰা চোৱাৰ হেঁপাহ।

আশীৰ্বাদৰ কাম্যতাত
সজল চকু দুটি,
স্তুতিত ভাহে কেৱল
তোমাক মনত ৰখাৰ প্ৰতিশ্ৰুতি।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *