তোমাক লগ পোৱাৰ এটা
বলিয়া প্ৰেমৰ উন্মেষ বাসনা
দুচকুত কাজল সানি
মৰম একাজলি আঁকি
ভতিয়নী দিশত মই …

হঠাৎ পৃথিৱীৰ ধাৰাত শুনিবলৈ পালোঁ ঝৰ ঝৰ
সুদূৰ সেউজীয়া পথাৰত
দেখিবলৈ পালোঁ চিপ চিপ বৰষুণৰ তৎপৰ…

তোমাৰ আৰু মোৰ মিলনত
বৰষুণেও আহে তৃপ্তি হৈ
পাহাৰৰ দাঁতিত ভৈয়ামৰ নিলগত
বৈ আহে জুৰি হৈ
নদীৰ প্ৰেমৰ মৰমত…

তোমাৰ মোৰ প্ৰেমৰ সাক্ষী
নিৰ্জন বৰষুণৰ টোপাল
তোমাৰ বুকুৰ উমাল
সান্নিধ্যত হব বিচাৰো তোমাৰ অৰ্দ্ধাঙ্গিনী..

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *