উপহাস কৰিছা তুমি মোৰ প্ৰত্যেকটো কথাতে এতিয়া ৷
যিদিনা তোমাৰ হৃদয়ঙ্গম হ’ব সেই কথাৰ মৰ্যাদা তেতিয়া ৷৷
ভাবিবলৈ বাধ্য কৰাব তোমাক সময়ে মই কোৱা প্ৰতিটো
কথা ৷
ভাগৰি পৰিবা সেইদিনা অনুসূচনা জাগিব হৃদয়ত তুমি যেনেকৈয়ে ভাবা ৷৷
মৰ্মেমৰ্মে উপলব্ধি কৰিবা মোক হেৰুৱাই পেলোৱা যাতনাত ৷
ৰন্ধে ৰন্ধে কম্পিত হ’ব তেজৰ চেকুৰা তুমি মোক দিয়া যন্ত্ৰণাত ৷৷
উপলব্ধি সেইদিনা কৰিবা যিদিনা তুমি প্ৰতাৰিত হ’বা আনৰ মৰমত হাবুডুবু খায় ৷
উপদেশ দিবলৈ তেতিয়া তোমাৰ কাষত নাথাকিম মই দুহাত মেলি তোমালৈ চাইচাই।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *