মোৰ
আশা বোৰ
শিলৰ ফাঁকে ফাঁকে
গজালি মেলিব।
Month: February 2021

অসমীয়া আমাৰ প্ৰথম পৰিচয়। অসমীয়া ভাষা আমাৰ মাতৃভাষা, আমি আমাৰ ভাষাটোক যথেষ্ট সন্মান কৰোঁ। আমি সকলোৱে আমাৰ ভাষাটোৰ ওপৰত গুৰুত্ব দিব লাগে, যাটে আমাৰ অসমীয়া ভাষাটো আমাৰ মাজৰপৰা কেতিয়াও হেৰাই যাব নোৱাৰে।

সময়ে কোনোদিনে কাৰোবাবে অপেক্ষা নকৰে , সময়ে অহৰহ বোৱতী নদীৰ পানীৰ দৰে গতি কৰি থাকে। সময়ৰ লগে লগে গৈ আছে আমাৰ সময় , সময়ৰ লগে লগে কমি গৈ আছে আমাৰ আয়ুস।

আকাশৰ নীলাবোৰ
যদি নাইকীয়া হয়
হওঁক।
সাগৰৰ পানীবোৰ
যদি শুকাই যায়

আপুনি বাৰু প্ৰেমত পৰেনে?
যদি পৰিছে
প্ৰেমৰ বাবেই আপুনি সাঁতুৰিছে মৰমৰ বিশাল সাগৰ
প্ৰেমত পৰিছে বাবেই উৰিছে, মন আকাশৰ শুকুলা ডাৱৰ

দূখীজনক সান্তনাৰ বাণীৰে
ধৰ্ষিতাক আকৌ
জীয়াই থাকিবলৈ প্ৰেৰণাৰে!
ৰোগীজনক আত্মবিশ্বাসৰ সাজ পিন্ধাই;

উৰি যায় মন মোৰ উৰি গুছি যায়,
উৰণিয়া পখী মোৰ এই মন।
থৈ যায়, হৃদয়ত গুজি থৈ যায়,
অলেখ নিশাৰ অতৃপ্ত প্ৰেমৰ স্বপ্ন ৷

সময় পালে কেতিয়াবা আহিবা এদিন
চাই যাবা হৃদয়ত তুমি দিয়া মৰমৰ চিন
অন্তৰত অন্তৰথৈ চুই চাবা চাই যাবা
সৌন্দৰ্য মুখী সাংসাৰিক বাস্তৱ কিমান কঠিন।