উৰি যায় মন মোৰ উৰি গুছি যায়,
উৰণিয়া পখী মোৰ এই মন।
থৈ যায়, হৃদয়ত গুজি থৈ যায়,
অলেখ নিশাৰ অতৃপ্ত প্ৰেমৰ স্বপ্ন ৷
কৈ যায় জীৱন-গাঁথাৰ, কৈ যায়,
যৌৱন, প্ৰেম, দুখ আৰু মমতা শ্বাশত।
উৰি যায়, মন মোৰ উৰি গুছি যায়,
জুখিব নোৱাৰা সীমাহীন দিগন্তৰ সিপাৰত৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *