মানৱ আজি কংক্ৰিটলৈ ধাৱমান
হৃদয়হীন অমানৱীয়তাৰ পয়োভৰ
প্ৰতিযোগিতা চলে কংক্ৰিটৰ
বিনাশ আৰু ধ্বংসৰ৷
Category: কবিতা

তোমাৰ হৃদয়খনযে ইমান ধুনীয়া গোন্ধায়
কি ফুল ফুলাই থৈছা বাৰু সজাই
তূমি কথা ক’লেই তুমি হাঁহিলেই বসন্ত নামি
হালধীয়া পৃথিৱীখনো সেউজীয়া কৰি থৈ যায়

শিলৰ ওপৰে ওপৰে এখন প্ৰদূষিত আকাশ
মাথোন শূন্যতা
দূৰৈৰ শাৰী শাৰী জুই চাই থকা
এটা কেঁচুৱাৰ হাতত

আই মোক আৰু বিদায় দে….
মোৰ শেষ বিন্দু তেজ থকালৈকে
থকাসৰকা কৰা গুলিবিদ্ধ শৰীৰটো লৈ
তোৰ শত্ৰুবোৰক ক্ষত বিক্ষত কৰি থৈ আহিলো

জাতিটোক চক্রবেহুৰ
ভিতৰত সুমুৱাই লৈ
ঘৰিয়ালৰ চকুপানী নুটুকিবি।
নিজৰ ভাষাটো এলাগী কৰি
পশ্চিমীয়া ভাষা-সংস্কৃতিৰে

পৰ্বতীয়া জুৰিটিয়ে কিহৰ সুৰ তানিছে
নিৰৱতাৰ,
ঠিকেই,নিৰৱ নিস্তব্ধ
সেউজৰ মাজেৰে জীৱন্ত গীতৰ কলি,
স্হবিৰতাৰ আলোকৰ বন্যাৰে
চিনাকি সুহুৰিটো লুকাই যোৱাৰ
অঘোষিত আখৰা।

সময় সন্ধিয়া প্ৰায় ৫.৩০ হৈছে নিৰুয়ে সকলোকে চাহ দি আছিল তেনেতে ঘৰৰ ওচৰতে থকা খুড়াকে আহি নিৰুৰ শাহু শহুৰেকক কয় যে তাইৰ দেৱৰেকে ঘৰত নতুন আলহী লৈ আহি আছে। শাহু – শহুৰেকে অলপো খং উঠা নাছিল বৰঞ্চ ফূৰ্তিহে কৰিছে লগে লগে শাহুয়ে ইফালে সিফালে ফোন কৰি খবৰটো দিয়ে। ওচৰ চুবুৰীয়া ও গোট খালে।

কেইবাদিনো পাৰ হৈ গ’ল
তোৰ সৈতে খন্তেক কথা পাতিব পৰা নাই।
মোৰ প্ৰানত থিতাপি লোৱা
কবিতা তই