মানৱ আজি কংক্ৰিটলৈ ধাৱমান
হৃদয়হীন অমানৱীয়তাৰ পয়োভৰ
প্ৰতিযোগিতা চলে কংক্ৰিটৰ
বিনাশ আৰু ধ্বংসৰ৷

কংক্ৰিটৰ আগ্ৰাসন প্ৰকৃতিৰ দুৰ্যোগ হল
মানৱৰ মন কংক্ৰিটলৈ প্ৰসাৰিত হল
সুউচ্চ অট্টালিকাৰ প্ৰতিযোগিতা চলে
ৰংবিৰঙ টাইলছৰ চাৰি ছয় যুক্ত পথ সাজে
মানৱ আজি কংক্ৰিটলৈ ধাৱমান হল৷

জীৱ-জন্তুৰ থকা ঠাই চিৰিয়াখানা হল
কাষে কাষে কংক্ৰিটৰ দালান হল
পৰিব্ৰাজকৰ বাবে প্ৰতিযোগিতা হল
জীৱ-জন্তু প্ৰদৰ্শন বস্তু হল৷

পলিটিক্স মানৱৰ ধৰ্ম হল
কংক্ৰিট মনৰ আগ্ৰাসনত
মানুহ নিজে গৌৰাৱাম্বিত হল
মানুহে মানুহৰ ধ্বংসৰ প্ৰতিযোগিতাত
নিবৃত্ত হল৷
পলিটিক্স মানৱৰ কৰ্ম হল৷

কংক্ৰিট মন, চিৰি সাজিছে
দূৰ দিগন্তত উৰা মাৰিছে
গঢ়িব কংক্ৰিটৰ ঘৰ
গ্ৰহ উপগ্ৰহত৷

কংক্ৰিট মনৰ মানৱ আজি যান্ত্ৰিক হল
কংক্ৰিটৰ সেউজীয়া বজাৰ হল
মানৱ আজি কংক্ৰিটত পৰিণত হল৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *