আজি শ্ৰমিক দিৱস বোলে?
আমিও একোগৰাকী শ্ৰমিক নহয় জানো…
আমিও আমাৰ ঘৰখনৰ কাৰণে
শ্ৰম দান নকৰো জানো?
তেতিয়া হ’লে আপোনাৰ শুভেচ্ছা বাৰ্তা
আমাৰ বাবে নাই কিয়?
নাই নহয় নহয় আমি শ্ৰমিক নহয়!
আমি গৃহিণী…
আমাৰ হাতত প্ৰাণ পাই উঠে এখন ঘৰে!
তাত থকা প্ৰতিটো প্ৰাণীৰ মুখত
প্ৰতিদিনেই আমি দিব পাৰো এটি হাঁহ।
আমাৰ শ্ৰমৰ মূল্য নাপাওঁ সঁচা,
কিন্তু তাৰ বিনিময়ত পাওঁ বহুত মৰম চেনেহ
যিটো হয়টো কোনো মূল্যৰে কিনা বেচা নহয়!
আমাৰ শ্ৰমৰ মূল্য কোনো দিনেই নালাগে
আমি শ্ৰমিক নহয়
আমি শ্ৰমিক নহয়!

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *