তেজেৰে তুমুৰলি দিয়া
মোৰ কলিজা খনত
আলফুলে পৰশ দি যায়
এপাহি আলসুৱা ফুলে।

কাকো কেৰেপ নকৰাকৈ
সেউজীয়াৰ মাজত
জকমকাই ফুলি থাকে
সেই পাহি ফুলে।

ব’তাহৰ তালে তালে
সুগন্ধি বিলাই
সেই পাহি আলসুৱা ফুলে।

পূজাৰ বেলিকাও
পৱিত্ৰ পূজাৰ থলিত নীৰৱে বহি
জিলিকি থাকে সেই পাহি
আলসুৱা ফুলে।

যাৰ বাৱে পলে পলে হয়
মোৰ মন বিয়াকুল,
সেই পাহি মোৰ অতি মৰমৰ
ৰজনিগন্ধা ফুল।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *