সূৰ্য্য পথৰ মই বিপ্লৱী নাৰী

মই যুগৰ জীৱিত বুৰঞ্জীৰ হিয়াৰ বিপ্লৱ
মাজনিশাৰ অনাথৰ কাতৰ চিঞৰ
প্ৰেমাকাংক্ষী মই
নহয় দেৱদাসী বিপ্লৱী পথৰ

মুক্তি বিছাৰি
আজি ল’লো প্ৰতিবাদৰ হেংদাঙ তুলি
মাথোন লাগে পোহৰ
আন্ধাৰ নথকা পোহৰ

প্ৰবঞ্চিত মানুহৰ কণ্ঠ মই
নসহো নসহো আৰু নিৰ্য্যাতন উৎপীড়ণ
ওৰণী তলত নেকান্দো নেকান্দো আৰু
মাতৃত্ত্বকো নিদিও বিসৰ্জন

শাহু আইৰ থেকেচনী দেহৰ ভাগৰ
চোতালৰ দুৱৰীয়েও ধৰে খোজে প্ৰতি জগৰ
তোমাৰ শিলোৱা হিয়াত
মোৰ নিৰাশ্ৰয়া স্বপ্নই আৰু নিবিচাৰে আশ্ৰয়

নেথাকো অৰু ওৰণী তলত
ৰাজ পথলৈ আহিলো ওলাই

মই যুগৰ জীৱিত বুৰঞ্জী সংগ্ৰামী নাৰী
অনাচাৰ অত্যাচাৰ আৰু নেথাকো সহি
ফুটুকা ফুলৰ ময়েই সুৱাস
সূৰ্য্য পথৰ ময়েই বিপ্লৱী নাৰী

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *