নাভাবিবি তই মোক ৰাধা বুলি
নানাচোঁ মই তোৰ বাঁহীৰে সুৰত৷
হিয়া মৰম খুলি দিলো বুলিয়েই
নলবি ভাবি মোক সত্যভামা বুলি৷
এচাটি পচোৱাই গছৰে পাত নচুৱাই সঘনাই৷
ধৰি নলবি তই দিয়া আঘাতক বুটলিম সদায়৷
অৰ্জুন গছৰে কুমলীয়া পাত
বিনা মেঘে ব্ৰজপাত৷
সেই বুলিয়েই নসহিম মই তই
কৰা পদাঘাত৷
ভালপাও বাবেই তোক সহি যাওঁ তোৰ কটাক্ষক৷
ভাৱি নলবি সদায়েই সহিম তোৰ মিছা অপবাদক৷
আহিবিনে সঁচাকৈ তই মোৰে জীৱনলৈ হৈ প্ৰেৰণা৷
ভয় লাগে তথাপিও জাননে পাওঁ যদি তোৰ প্ৰতাৰণা৷
প্ৰজ্ঞাচক্ষুৰে সাৱটিলো তোক মোৰ মনৰে অনুভৱতে৷
দুহাতেৰে বিলাই দিলোঁ মোৰেই ভালপোৱাক তোৰেই অভিমানতে৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *