সুউচ্চ ডচু লা পাচৰ পৰা সো- সোৱাই নামি আহি পুনাখা ভেলী পোৱাৰ আগে আগে ড্ৰাইভাৰজনে টেক্সীখন সৰু হোটেল এখনৰ কাষত ৰখাই দিলে৷ তাত হেনো ভাল মমো পোৱা যায় ৷ ৰিদিপে আকৌ ভূটানলৈ আহিলে ইয়াকৰ গাখীৰেদি বনোৱা কেয়া দাচি খাই হে ভাল পাই৷ মমো একপ্লেট অৰ্ডাৰ দি হোটেলৰ মেজখনত বহি থকাৰ মাজতে সি লক্ষ্য কৰিলে এটা ১০/১১ বছৰীয়া ধুনীয়া মৰম লগা ভূটীয়া ল’ৰাই এখন বহীত টেক্সিখনৰৰ নম্বৰটো লিখব ধৰিছে৷ কিছুসময়ৰ পাছত আন এখন গাড়ী আহি ৰখাত সি পুনৰ উধাতু খাই লৰি গৈ সেই গাড়ীখনৰো নম্বৰটো লিখিলে৷ অকনমানি ল’ৰাটোৱে এনেদৰে ইখনৰ পাছত খিখন গাড়ীৰ নম্বৰ লিখা কাৰবাৰটো চাই ৰিদিপে খুব ৰঙ পালে ৷
আহিবৰ সময়ত মৰমতে লৰাটোৰ হাতৰ পৰা বহী খনলৈ চকু ফুৰাই ৰিদিপ আচৰিত হ’ল৷ লৰাটোৱে কমেও ৫শ মান গাড়ীৰ নম্বৰ টুকি ৰাখিছে৷ তাৰ ধৈৰ্য্য আৰু একাগ্ৰতা দেখি গাড়ীৰ নম্বৰবোৰ লিখি সি কি আমোদ পাই সুধিলে৷ ৰিদিপৰ প্ৰশ্নত লৰাটোৱে অবুজ চাৱনিৰে তালৈ চাই ৰ’ল৷
তাকে দেখি হোটেলৰ কাউন্টাৰত বহি থকা ভূটীয়া মানুহজন আগ বাঢ়ি আহি ৰিদিপক কলে, মহাশয় মোৰ ল’ৰা কিমকিমে হিন্দী ক’ব নোৱাৰে ৷ আজি এমাহ মান আগতে সি এজন গ্ৰাহকৰ পৰা হিচাপত ভূল কৰি অলপ মান টকা বেচিকৈ ৰাখিলে ৷ লোকৰ ধন আত্মসাৎ কৰাটো মহা পাপ ৷ মানুহজনক বিচাৰি টকাখিনি ঘুৰাই দিলেহে গুৰু ৰিনপোচেই ক্ষমা কৰিব৷
গ্ৰাহকজনক বিচাৰি পোৱাটো সহজ কথা নহব৷ কিন্ত সৌভাগ্যক্রমে মানুহজনৰ গাড়ীখনৰ নম্বৰটোৰ কেইটামান সংখ্যা তাৰ মনত আছে৷ কিমকিমৰ দৃঢ় বিশ্বাস সি এদিন হলেও গ্ৰাহকজনক বিচাৰি উলিয়াব৷ সেইকাৰণে সি গাড়ী দেখিলেই নম্বৰ সমূহ লিখি সেই গ্ৰাহকজনক বিচাৰিবলৈ চেস্তা কৰে৷
মানুহজনৰ কথাত ৰিদিপ কিছুসময়ৰ কাৰণে শিল পৰা কপৌৰ দৰে থৰ লাগি থাকি কিমকিমৰ মুৰত মৰমেৰে হাতখন বুলাই টেক্সিৰ চিটত বহি পৰিল৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *