অসীম সাহস আৰু
ত্যাগ স্বীকাৰ কৰি
অতীন্দ্ৰ প্ৰহৰী হৈ
ৰাখি আছা ভাৰত মাতৃক
নিৰাপদ কৰি।
শান্তিৰে শুইছে জনগণ।
কিন্তু!
হে মহান সৈন্যিক সকল!
তোমালোকে পৰাক্ৰমেৰে ৰাখি আছাঁ
ভাৰত মাতৃক নিজৰ জীৱনক
তুচ্চ জ্ঞান কৰি।
নাই জাৰ
নাই জহ
কেৱল সেৱাৰ মনোভাৱেৰে
আগবাঢ়ি যোৱা
এলাহ ভাগৰ সকলো নেওচি।
দেশপ্ৰেমেই কেৱল জীৱনৰ ব্ৰত।
পুহৰ ঠেটুৱৈ ধৰা ঠাণ্ডাত
তোমালোক আছাঁ বৰফে আবৃত
দেশৰ সীমান্তত অতীন্দ্ৰ প্ৰহৰী হৈ।
টিকাফটা জহৰ ৰ’দত কটাইছা জীৱন
মৰুভূমীৰ উতপ্ত বালিত
দেশমাতৃক সেৱা কৰিবলৈ।
নাই ভাগৰ
নাই মৃত্যুৰ ভয়;
কৰ্তব্যই কেৱল জীৱনৰ ব্ৰত।
ধন্য হ’ল তোমালোকৰ জীৱন;
ৰাখি আছাঁ সবে মাতৃৰ সন্মান।
কৰযোৰে কৰিছোঁ প্ৰণাম,
যাঁচিছো হৃদয়ৰ অজস্ৰ সন্মান।