জীৱনৰ কক্ষপথৰে
যৌৱনৰ পদুলি মুখত
ফুল ফুলাৰ সন্ধিক্ষণত
প্ৰেমৰ সুগন্ধি সুৱাসে
হিয়া মন আমোলমোলাই৷
জীৱনৰ মাদকতা প্ৰাপ্তিৰ শুভ লগ্নত
ৰংমন চঞ্চল উৰি ফুৰাৰ মনে
আকাশ চুবৰ মন প্ৰতিক্ষণ
এভাৰেষ্ট শৃংগ বগাবৰ মন
সাগৰৰ গভীৰলৈ যাবৰ মন
প্ৰেমৰ নৈত উটি ভাঁহি
সাত সাগৰ পাৰ হবৰ মন৷

জীৱনৰ কক্ষপথৰে
যৌৱন জোৱাৰ ভাটাৰ পশ্চাৎগমনত
ধোৱাই নিয়ে বালিৰ পজাঁঘৰ
আশাৰ সপোনবোৰ স্মৃতি হৈ ৰয়
ধূসৰিত হৈ অদৃশ্য হয় কালৰ বুকুত
নিৰাশাৰে ভৰা দিঠকত
প্ৰাপ্তি অপ্ৰাপ্তিৰ তুলাচনীত
অস্ত যাবলৈ ধৰা সূৰুযৰ পৰশ
সংগ্ৰাম মাথোঁ জীয়াই থকাৰ৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *