পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷
ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷
ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷
জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷
খুন্দিছো বকুল বৰা ধানৰে তেতেলী পটীয়া চিৰা৷
আহিবানে তুমি বিহুৰে দিনা খাবলৈ তিলৰে পিঠা৷৷
জুইশলাৰ আখলতে উলোমাই ৰাখিছো ম’হৰে আঠা দৈ৷
হেঁপাহেৰে খাবা কাঁহৰে বাটিতে মুঠি মৰা কোমল চাউল লৈ৷৷
আহোতে আনিবা কপৌফুল পাহি দিবা খোপাতে গুজি৷
ঘিলা কৈ খোপাতে জিলিকি পৰিব তোমাৰে পৰশ লাগি৷৷
দুটি ওঁঠতে বুলাই ল’ম টিকটিকিয়া ৰঙাকৈ বহমথুৰীয়ে বোল৷
দুহাতত বুলামে তুলবুলীয়া জেতুকাৰে ৰং
দুচকুতে চকু ৰাখি যাম ভোল৷৷
গাতে মেৰিয়াম ৰিহাখনী সযতনে আচুঁৰি বান্ধিমে চুলি৷
তোমাৰে লগতে খোজে দিম বিহুৰে তলিলৈ হাততে হাত ধৰি৷৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *