ভূতৰ জীয়া কাহিনী কিতাপখনত দুটা ভৌতিক গল্প প্ৰকাশ পোৱাৰ আনন্দত পুৱাই অতনু প্ৰকাশকৰ ঘৰ পালেগৈ৷ ৰঙা কাগজ এখনৰে প্ৰকাশকে ধুনীয়াকৈ পেকিং কৰি দিয়া গল্প সংকলনখনৰ কপি এটা বেগত ভৰাই সন্ধিয়া সাত বজাৰ ফ্লাইটেৰে সি দিল্লীলৈ উভতিল৷
৫ ঘন্টাৰ দিঘলীয়া যাত্রাৰ অন্তত ৰাতি প্ৰায় ১২মান বজাত সি তাৰ নয়ডাৰ ঘৰ পালেগৈ৷
টেক্সিৰ পৰা নামি এপাৰ্টমেণ্টৰ গেটখন পাওঁতেই পিছফালৰ পৰা ড্ৰাইভাৰজনে তাক মাত দি ক’লে চাহাব আপকা পেকেট ৷
ড্ৰাইভাৰজনৰ হাতত ৰঙা কাগজৰে মেৰিওৱা পেকেটটো দেখি সি লেপটপৰ বেগটোৰ পৰা প্ৰকাশকে দিয়া কিতাপখন কেতিয়ানো টেক্সিত ওলাই পৰিল তৰ্কিবই নোৱাৰিলে ৷
কিতাপখনৰ পেকটটো হাতত লৈ সি নিজৰ ফ্ৰেট পালেগৈ ৷ জীয়ৰী ৰিমাই দৰ্জাখন খুলি দিয়াত সি চিধাই ষ্টাডি ৰুম পালেগৈ ৷ লেপটপটো বেগৰ পৰা উলিয়াই ড্ৰয়াৰত থব লওতেই বেগৰ ভিতৰত ৰঙা কাগজৰে মেৰিয়াই থকা কিতাপৰ আনটো পেকেটো দেখি তাৰ মনত খেলি মেলি লাগি গ’ল ৷ তাক প্ৰকাশক জনে পুৱা এটাহে পেকেট দিছিল ৷ তেনেস্থলত দুটা পেকেট ক’ৰ পৰা আহিল ? টেবুলৰ ওপৰত থকা আনটো কিতাপৰ ৰঙা পেকেট হাতত লৈ সি আকৌ ভালদৰে এফালৰ পৰা ফহিয়াই গল কিন্ত প্ৰকাশকজনে দুটা পেকেট দিয়া কথাটোহে মনত পেলাব নোৱাৰিলে ৷ মনত এটা ৰহস্যপূৰ্ণ সাথঁৰ লৈ মুখ হাত ধুই পত্নী ৰশ্মিয়ে দিয়া চাহ কাপ খাবলৈ বহিল ৷ চাহৰ কাপত চুমুক দিওতেই ৰশ্মিয়ে সেইদিনা ডাকত অহা পেকেট এটা তাৰ হাতত তুলি দিলে৷ পেকেট টো খুলিয়েই প্ৰকাশক জনে দিয়া সাইলাখ একে ৰঙা কাগজৰে মেৰিওৱা কিতাপৰ পেকেটটো দেখি সি শিঞৰি উঠিল ৷ প্ৰকাশক জনে তালৈ ডাকত কিতাপখন পঠিওৱাৰ কথা এবাৰটো কোৱা নাছিল৷ তেনেহলে এইখন আকৌ ডাকত কিয় পঠিয়ালে? সকলোবোৰ কথাই যেন ঘন ৰহস্যৰ আৱৰ্তত সোমাই পৰিব ধৰিছে৷ ডাকত অহা কিতাপৰ পেকেটটো বাকী দুটাৰ লগত ড্ৰয়াৰত ভৰাই থৈ মনত অযুত ৰহস্য ভৰাঁ প্ৰশ্নলৈ অতনু বিচনাত বাগৰি পৰিল৷
ৰাতিপুৱাই টোপনিৰ পৰা উঠিয়েই প্ৰকাশক জনক ফোন কৰি মনৰ সুদুৱনি বোৰ আতঁৰ কৰিবলৈ বুলি অতনুৱে ষ্টাডি ৰুমলৈ গ’ল৷ ড্ৰয়াৰটো খুলি মাত্র এটা ৰঙা পেকেট দেখি বিশ্ময়ত তাৰ চকু ডাঙৰ হৈ পৰিল৷ ৰশ্মি আৰু ৰীমা এতিয়াও দেখোন বিছনাত তেনেহলে বাকী দুটা পেকেট গল ক’ত? কোন নিলে? বিশ্ময়ত কাক কি ক’ব কি সুধিব ভাবি অতনু কিংকৰ্তব্যবিমোৰ হৈ পৰিল৷ সি ভাবি ভাবি যেন পাগল হৈ যাব৷ এক অজান শিহৰণত মনত লৈ ৰঙা কাগজৰ আৱৰণটো গুচাই কিতাপখন উলিয়াই সি বেটুপাতৰ পৰা আওৰাই গ’ল ‘ভূতৰ জীয়া কাহিনী’৷