ভাৰত ৰত্ন ড: ভূপেন হাজৰিকা

বিশ্ব সন্তান তুমি
খাটি অসমীয়া ড: ভূপেন হাজৰিকা।

গীতিকাৰ সুৰকাৰ সঙ্গীত সম্ৰাট
বিশ্ব খনিকৰ তুমি ড: ভূপেন হাজৰিকা!

তেজ হাজৰিকাৰ পিতৃ,
প্ৰণয় প্ৰিয়া তোমাৰ প্ৰিয়ম্বদা পেটেল।

আকাশ সদৃশ বিশালতা
বৈ যোৱা নিজৰা যেন সৰল হৃদয়,
মুক্ত বিহঙ্গম,
কণ্ঠ বিশাল তুমি খাটি অসমীয়া।

হিমালয় সদৃশ উচ্চ মন,
সাগৰ সদৃশ গভীৰ অনুভৱ,
আজন্ম বিশ্ব প্ৰেমিক।

কৃষ্ণাঙ্গ শ্বেতাঙ্গ জনতাৰ,
মানৱ দৰদী কণ্ঠেৰে
জগত সভা কঁ‌পাই তোলা,
বিশ্ব নাগৰিক,
জনতাৰ শিল্পী ড: ভূপেন হাজৰিকা।

লুইত খন আপোন তোমাৰ
তেনে দৰে আপোন
ভলগা টেমচ্ নদী।

সাত সাগৰ সাতুৰি পাৰ হৈ
সৃষ্টি কৰিছিলা এখন চিনাকি জগত।

মিচিচিপি আৰু গংঙ্গা নদী,
বুকুৰ আপোন তোমাৰ,
পল ৰবচনৰ গীতৰ সুৰেৰে
হাজাৰ জনতাৰ পুলক জগাই,
দৰিদ্ৰ জনতাৰ আপোন মানুহ হলা
বিশ্ব গায়ক তুমি ড: ভূপেন হাজৰিকা।

সমন্বয়ৰ সেতু গঢ়োতা,
ঐক্য মৈত্ৰীৰ স্বপ্ন ৰচোতা,
স্বদেশৰ শব্দ
“জিলিকাব লুইতৰে পাৰ”
তুমি আপোন ড: ভূপেন হাজৰিকা।

অৰুণ কিৰণ অৰুণাচল,
পাহাৰ ভৈয়াম অতিকে আপোন,
শ্বিলংত এৰি গলা লিংডো তোমাৰ।

টালিগঞ্জ আৰু
স্বপ্ন নগৰী মোম্বাইলৈ
সপোনৰ বাটেদি জীৱন বিচাৰি গ’লা,
জীৱনৰ বহু ঘাট প্ৰতি ঘাট লগত লৈ,
সাৱটি যাযাৱৰি জীৱন তোমাৰ।

জুপুৰি ঘৰ চিনাকি তোমাৰ,
কেঁ‌চা মাটিৰ গোন্ধ নিচেই আপোন,
তুমি সাহিত্যিক ড: ভূপেন হাজৰিকা।

কচু ঢেকীয়াঁ‌ বেঙেনা পিটিকা
তৃপ্তিৰে খাই ভাল পোৱা
তুমি তজবজীয়া ডেকা
অসমীয়া জাতিৰ হিয়াৰ আমঠু।

জ্যোতি চিত্ৰবন অৱদান তোমাৰ,
নাওবৈচা বিধান সভা সমষ্টি পৰা
ৰাজদৰবাৰত প্ৰতিনিধ্বিত্ব কৰা
দক্ষ ৰাজনীতিজ্ঞ তুমি
বিধায়ক ড: ভূপেন হাজৰিকা।

অসমৰ জনতাই যাচিছোঁ‌ প্ৰণাম
তোমাৰ প্ৰেৰণাই জনতাৰ প্ৰাণ,
জাতিৰ সাংস্কৃতিক মান,
অসমী আইৰ সন্তান
ভাৰতৰত্ন তুমি ড: ভূপেন হাজৰিকা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *