মোৰ পঁজা
ভগা পঁজা
নাই আভিজাত্যৰ আৰম্বৰতা
প্ৰেম সহৃদয়তাৰে সজাও দিন ৰাতি
জোৰাব নোৱাৰো কোনোদিনেও টকা পইচা

আজন্ম নিত্য সতীৰ্থ মোৰ
দুখ দুৰ্গতি দুৰ্য্যোগ দীপ্ত
দুৰ্দান্ত দুৰ্মদ দুৰ্বাদল দুৰ্দশা

নাই জীৱনৰ নিৰাপত্তা
নাই উৎসৱমুখৰ আবিৰতা
তথাপিও মই সুখী
দুচকুতযে মোৰ সুউজ্জ্বল সুউচ্চ সূৰ্যতৃষা
চিৰ যুগমীয়া
যাউতি যুগীয়া

এয়াই মোৰ সত্যনিষ্ঠ গ্ৰাম্য সুন্দৰ জীৱন
নিৰ্মলতাৰে নিৰৱিচ্ছিন্ন য’ত
ধৰ্ম ন্যায়ব্যাপ্ত সেউজ সততা সমাকীৰ্ণ
অমেয় অময়া অনিৰ্বাণ সজ্জ্বল সহৃদয়তা

মোৰ পঁজা ভগা পঁজা
বোকা পানীৰে ভৰা
নেপাবা ইয়াত অত্যাধুনিকতা
দুৰন্ত দুৰ্নীতি ব্যভিচাৰ অশ্লীলতা

পাবাপ্ৰেম মিঠামাত
সৌন্দৰ্যৰ সুৱাসী জাত
অনন্ত অক্ষয় অশ্ৰুৰে ধোৱা
যুগে যুগে অপূৰ্ণতাৰে বৈ যোৱা সূৰ্য তৃষা

জীয়াই থকাৰ তৃষা শিৰত তুলি
অনাদৰ অবহলা জনমে মৰণে সহি
জীয়াই আছো আমি কৃচ্ছ্ৰ সংগ্ৰাম কৰি
হাবিয়ে বননিয়ে বাটে পথে
জীয়াই আছো ফুটুকা ফুলৰ দৰে
শুনিবা জানো আমাৰ জীৱন গাঁঠা

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *