যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা
জীৱনে মেলানি মগাৰ মুহূৰ্তত
তোমাৰ আগমনে
মৰহি যোৱা প্ৰাণত
নৱ উদ্যমৰ
সজীৱতাৰ পৰশ ঢালিলে|

কংক্ৰিটময় জীৱনত
জীৱই জীৱক কৰা
প্ৰতাৰণা বোৰ দেখি,
জীৱনৰ প্ৰতি
বিতৃষ্ণা ওপজাৰ পৰতে
তোমাৰ আগমনে
হৃদয়ত,
একাঁজলী শান্তিৰ নিজৰা বোৱালে…|

তোমাৰ আগমনৰ
সুকোমল পৰশে
এই জীৱনক আজি
আকৌ এবাৰ
এটি নতুন জীৱন দিলে।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *