সূৰ্য্য পথৰ
অভিমানি অভিযাত্ৰী মই
আন্ধাৰ দেখি নহওঁ ত্ৰস্ত

বিশ্বপ্ৰেম মানৱপ্ৰেমেৰে সদা সজ্জিত মই
কবিত্বই মোৰ মৃত্যঞ্জয়ী গায়ত্ৰী মন্ত্ৰ

সত্য প্ৰেম সততা ন্যায় সহৃদয়তা
অনিৰুদ্ধ অনিবাৰ্য সবল সতীৰ্থ

সুন্দৰ সৃষ্টিময়ী কবিত্বই মোৰ
নিবিড় নিৰলস সাধনা

মই নহওঁ পৰাস্ত
নহওঁ ব্যৰ্থ
সূৰ্য্য পথৰ অভিযাত্ৰী মই
নহওঁ নহওঁ ক্ষান্ত

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *