পুৱা সবিতাৰ কিৰণত ফুলি উঠিল,
দুটি ওঠঁৰ মিচিকিয়া হাঁহি।
তোমাৰ কবিতাৰ প্ৰতিটো শব্দত
বিচাৰি পাওঁ প্ৰেমৰ এনাজৰী।

পুৱা সবিতাৰ কিৰণত ফুলি উঠিল,
দুটি ওঠঁৰ মিচিকিয়া হাঁহি।
তোমাৰ কবিতাৰ প্ৰতিটো শব্দত
বিচাৰি পাওঁ প্ৰেমৰ এনাজৰী।
তুমি মোৰ বা,
তুমি মোৰ ভণ্টী,
তুমি দাদা,
তুমি ভাইটি,
তুমি দেৱৰ,
তুমি মোৰ অন্তৰ জয় কৰা
তোমাৰ ৰক্তিম কলিজাখন
এপাহি তেজাল ৰক্ত জৱা।
হৃদয়খন তেনেই ঠুনুকা,
তোমাক ফুচুলাবলৈ আনি দিম
তেজৰঙা গোলাপ।
তোমাৰ হাঁহিত ফুলিব এপাহি তগৰ,
চকুৰ পতাত নাচিব চাৱনি,
দুগালত জিলিকিব পলাশৰ
ৰঙা বগা সেন্দুৰীয়া হাঁহি।
খত হাঁহি লৈ
নিতৌ নতুন সৃষ্টিৰ বাবে
দৌৰি ফুৰা ল’ৰা বোৰক বৰ মৰম লাগে।
হাঁহি বোৰত লীন হৈ থাকে
অজশ্ৰ ভালপোৱাৰ ৰঙীন ছবি,
স্পষ্ট কথা তোমাৰ,
মই আপোনাক ভাল নেপাওঁ,
সেই বাবে আপুনি মোকলৈ কোনোদিন নেদেখিব মিছাকৈ ৰঙীন সপোন ।
সেইদিনাৰ পৰাই,
মনে সজা ভঙা পজাঁৰ তলত
তোমাৰ সান্নিধ্যৰ সুধাই সিচি গ’ল
মোৰ হৃদয়ৰ বাকৰিত
কোনেও নুশুঙা ফুলৰ সুবাস
উদৰে উচুপি থকা চহাৰ
হৃদয় পবিত্ৰ হয় ;
মনে একতাৰ ভাৱনাক জগাই
সমাজ বান্ধি ৰয় ।