সৰুতে ঘাটমাওৰা হোৱা নিকুমনিয়ে একমাত্ৰ ভায়েকক মাকৰ মৰম দি তুলি-তালি ডাভঙৰ-দীঘল কৰিলে।
ভায়েক ডাঙৰ হ’ল। মদৰ ব্যৱসায় আৰম্ভ কৰিলে |বায়েকে মানা কৰা স্বত্তেও নুশুনিলে।
মদপী ঘৰত নধৰা হ’ল ;বায়েকৰ নিৰাপত্তা নোহোৱা হ’ল।
আজি নিকুমনিক চুলিত ধৰি চোঁচোৰাই ঘৰৰ পৰা বাহিৰ কৰি দিলে মৰমৰ ভায়েকে ;কাৰণ তাই অমান্তি হ’ল মদপীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ। গাঁৱৰ মানুহেও চাই থাকিলে নীৰৱ দৰ্শক হৈ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *