সূৰ্যৰ শক্তি কিমান
অস্ত আকাশৰ
জিলমিল পোহৰেৰে
পশ্চিমৰ ৰঙা বেলিটোৱে
ৰিঙিয়াই কৈ যায়
মই আহি আছো
পুঁৱাৰ বতৰা লৈ।

কোনো সংঘাতে জানো
ৰুধিব পাৰিব
আমাৰ যাত্ৰা পথ
আমি উদিত সূৰ্যৰ
একো একোটা জলন্ত অগ্নিপিণ্ড।

কোনো শত্তিয়ে
কোনো দমনেৰে
কোনো বাৰুদৰ শক্তিৰে
নিঃশেষ নোৱাৰে কৰিব
আমাৰ যাত্ৰা পথ।

আমি আগবাঢ়ি যাম
আন্ধাৰ ফালি পৰাধিনতাৰ শিকলিছিঙি
উদিত সূৰ্যৰ উজ্বল জ্যোতিক বুকুত বান্ধি লিখি যাম ন-নসৃষ্টিৰে অসমী আইৰ
চিৰ নতুন গান।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *