কেতিয়াবা হৃদয়ত ভাবৰ অভাব,
কেতিয়াবা শব্দৰ আৰু
কেতিয়াবা অনুভব বিহীন হৈ
পৰে হৃদয়।
মনৰ জড়তা ভাঙিবলৈ
বিভূৰ হৈ চাই ৰওঁ
শূন্য আকাশৰ ফালে।
মনৰ জোখাৰে হৃদয় খন
শীতলাবলৈ
মৌচুমীয়ে অনা বতাহ জাকৰ
মাজত।
ভাল লগা আৰু ভালপোৱা
এই বিস্তৃত পৰিধিৰ মাজত
এক বুজাব নোৱাৰা সীমাহীন
ব্যবধান।
প্ৰতি পল অনুপল কৰি
জীৱন গৈ আছে
তাৰ আবেষ্টনিৰ মাজত
মাত্ৰ লুকাই থাকে
ভাল লগা আৰু ভাল পোৱাৰ
এটি অনুভবৰ পল।
কিছুমান ভাল লগা মূহুৰ্ত
অনুধাবন কৰি থাকোতেই
সময়ে সেইবোৰ কাঢি লৈ যায়।
দি যায় মাত্ৰ আপোনত্বৰ সুৰ।
এতিয়া মাথোন হেৰুৱাই
পেলোৱা শব্দবোৰ যোৰা লগাই সপোন ৰ’চো
আৰু
হৃদয়ত বাজি থকা স্পন্দনৰ
প্ৰতিধ্বনিত কবিতা লিখো।