তুমি
যদিও নহয় মোৰ
তথাপি ৰাখিম তোমাক
মোৰ অনুভৱৰ বাকৰিত।
মোৰ
উশাহত
এটি নিভাঁজ সুৰ হৈ
থাকিবা মোৰ কণ্ঠত।
আৰু মই
ন-ন
কবিতাৰে উপচাই পেলাম
তোমাৰ বুকু
যাৰ বাবে প্ৰতিটো
উশাহত বিচাৰি পাম তোমাক
তুমি মোৰ সেউজীয়া অনুভৱত
বিলীন
হ’বা
মোৰ প্ৰতিটো কবিতাৰ মাজত।
মোৰ গানত
মোৰ কণ্ঠত
মোৰ হৃদয়ৰ স্পন্দনত সুৰ‌ হৈ বাজি থাকিবা তুমি পল অনুপল
আৰু কল্পনাৰ সাগৰত সাতুৰি নাডুৰি।
আজীৱন ।
থাকিবা তুমি মোৰ কাষৰত
মোৰ আঙুলিৰ পৰশত
সোণালী আখৰেৰে প্ৰাণ পাই উঠা
কবিতাৰ ভাঁজত
শব্দৰ সাতোৰঙী ৰামধেনু হৈ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *