কাৰোবাক হৃদয়ৰ গভীৰতালৈ সোমোৱাই নল’বা৷
প্ৰাণখুলি মনৰ গোপন কথাবোৰ কেতিয়াও নাপাতিবা৷৷
দুচকুত চকু ৰাখি সেইজনৰ আগত বাকৰুদ্ধ হৈ নপৰিবা৷
আনৰ বাবে জীৱনৰ ৰংবোৰ কাহানিও আচুতীয়া কৰি নাৰাখিবা৷৷
এদিন যেতিয়া সেইজনে নিজৰ স্বাৰ্থ পূৰণ কৰি তোমাক ঠেলি পথাব৷
তুমিও নিজৰে মাজতে তেতিয়া অকলসৰীয়া আশ্ৰয়হীনা হৈ পৰিবা৷৷
সেইজনে তোমাক মাথোঁ তেওঁৰ নিসংগতা সময়তহে লগৰী কৰিছিল৷
কোনোদিনেই তোমাৰ ভালপোৱা অনুভূতিক মৰ্য্যদা দিয়া নাছিল৷৷
তুমি অসহায় হৈ পৰিবা যেতিয়া তেওঁ তোমাক নেদেখা ভাঁও জুৰিব৷
দিশহাৰা হৈ পৰিব তেতিয়া জীৱনৰ কক্ষপথ বেদনাবোৰে ইতিকিং কৰি হাঁহি ফুৰিব৷৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *