আছে জানো তোমাৰ মোৰ
কিবা পৰিচয়
যাম বা কলৈ‌ পুনৰ ঘূৰি?

মই প্ৰেম ভিক্ষাৰিণী
অনন্ত কালৰ
মোহময়ী সৃষ্টিত মই
আলোক সন্ধানি
যুগ যুগান্তৰৰ।

নিস্পভ বন্তি গচিয়ে
মায়াৰ জাল ফালি
সূৰুযৰ হেঙুলী আভাৰ স্পন্দনত
সোণালীৰে ভৰাও হিয়া উপচায়।

বুকুৰ আপোন বুলিবলৈ
দেখো একুৱেই নাই
তথাপি সকলোৱেই
মায়াৰ বন্ধনত মজি
আছো হাবাথুৰি খাই।

তুমি বেদনাৰ বিড়ম্বনা
জলাঞ্জলি দি জাগা আৰু উঠা
কেৱল প্ৰৰণাৰ উৎসৰে
দিয়া সমস্তকে হৃদয় জুৰাই।

দুদিনীয়া জীৱন নাটৰ
ঠিকনা বিহীন পথিক মই
কেতিয়া‌ মেলানি মাগিব লাগিব
তাৰ কোনো সীমাৰেখা নাই।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *