হাঁহি ধেমালিৰ বজাৰখনৰ
মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক
ৰৈ আছো জোলোঙা পাতি অকণমান
আশাৰ ৰেঙণি বুটলিম বুলি
কিন্তু হায়! কণা বিধাতাই
লৈ গুচি গ’ল জোলোঙাখনকেই
ফালি-চিৰি——
বুকুত মাথোঁ হুমুনিয়াহৰ উজান-ভাটি
জীয়াই থকাৰ তাগিদাত
মই পাহৰি পেলাওঁ
কলিজাৰ দাগটোৰ কথা—
তাগিদা মাথোঁ— জীয়াই থকাৰ
এতিয়া ভগৱানলৈ এটাই প্ৰাৰ্থনা
মোক আজিৰ দিনটোৰ বাবে— ভাতমুঠি দিয়া

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *