হাঁহি ধেমালিৰ বজাৰখনৰ
মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক
ৰৈ আছো জোলোঙা পাতি অকণমান
আশাৰ ৰেঙণি বুটলিম বুলি

হাঁহি ধেমালিৰ বজাৰখনৰ
মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক
ৰৈ আছো জোলোঙা পাতি অকণমান
আশাৰ ৰেঙণি বুটলিম বুলি
তই কুশলে আছনে?
শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন
সিহঁতবোৰেতো কেৱল তোৰ জেপত থকা
গৰ্ভ নিৰোধক পিলবোৰৰ প্ৰতিহে অভিজ্ঞ
তই কুশলে আছনে?
শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন