দুৰ্বিষহ বছৰ এটি
পাৰ কৰাৰ পিচত
স্বস্তিৰ নিশ্বাস এৰিছে
বিশ্বৰ লগতে
অসমৰ জনগণে|
ভোগালীও আহি দুৱাৰমুখ পালেহি|
অসমীয়াৰ জীয়ৰী- বোৱাৰীৰ মন
উখল-মাখল|
চিৰ,পিঠা,সান্দহ ,হুৰুম ,
ঘিলা পিঠা, খোলাচাপৰীয়া পিঠা,
লুঠুৰিপিঠা, চুঙাপিঠা আদি
বিধে বিধে কৰিবলৈ
প্ৰস্তুটি চলাইছে সকলোৱে|
যোৱাবাৰযে অশান্তিতেই পাৰ হ’ল
ভোগালীৰ উৎসাহ |
এইবাৰ ভোগালী যোৱাবাৰৰ দৰে
ভয়াবহ নহয় |
সকলোৰে মনত উৎসাহৰ ঢল|
ডেকা-বুঢা সকলোৱে টঙালী বান্ধিছে
ভোগালীক আদৰণী জনাবলৈ|
মেজীৰ বাবে কাঠ,বাঁহ কাটিবলৈ
প্ৰস্তুটি চলাইছে|
মেজী ভোজৰ ভেলাঘৰ সাজি
মেজীভোজৰ মাছ-মাংসৰ লগতে
কাঠআলু ,ৰঙা আলু ,মোৱাআলু ,
নতুন মাটিমাহ আদিৰ সন্ধানত
ব্যস্ত হৈ পৰিছে|
গভীৰ হতাশা ,গভীৰ নিৰাশাৰ
অন্তপেলাই
আশাৰ বতৰা লৈ
আৰম্ভ হ’ল ২০২১ চন|
সকলোৰে মনত আনন্দ – উৎসাহ|
আঘোণী পথাৰৰ পৰা
সোণগুটি লখিমীক আদৰি আনি
মেটমৰা ভঁৰাল শুৱনি হ’ল ;
শালি, লাহি, বৰা, জহা ধানেৰে
ভঁৰাল ভৰি গ’ল|
কৃষকৰ উৎসাহ নধৰা হ’ল|
এতিয়া সকলো ব্যস্ত
মাথোন শান্তিৰে
ভোগালীক আদৰিবলৈ;
বিহুৰ ভোজ ভাত খাই
মেজীজ্বলাই অগ্নীদেৱতাক পূজা কৰিবলৈ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *